Lakhminath Bezbaroa and his family



ডাঙৰীয়া দীননাথ বেজবৰুৱা

ডাঙৰীয়া দীননাথ বেজবৰুৱা আছিল আহোম শেষ ৰজা পুৰন্দৰ সিংহৰ ব্যক্তিগত চিকিতসক। পিছলৈ এখেতে বৃটিছৰ অধীনত পৃথক পৃথক ঠাইত আৰু বিভিন্ন পদবীত চাকৰি কৰিছিল। এখেতৰেই দশম পুত্ৰ আছিল সাহিত্য কাণ্ডাৰী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা।


লক্ষ্মীনাথ বেজবৰুৱা

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আছিল দীননাথ বেজবৰুৱাৰ দশম পুত্ৰ। লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া ভাষাৰ হেৰুৱা ঐতিহ্য ঘুৰাই আনিছিল। এখেত জোনাকী যুগৰ স্ৰষ্টাসকলৰ এজন। অসমীয়া সাহিত্য তেওঁৰ অনবদ্য অৱদানেৰে ভৰপূৰ। তেওঁৰ হাস্যকৰ সৃষ্টিৰ যোগেদি অসমীয়া সমাজক জ্ঞানৰ পোহৰ দেখুওৱা বাবেই ৰসৰাজ উপাধিৰে বিভূষিত হৈছিল।


বিনন্দচন্দ্ৰ বেজবৰুৱা

বিনন্দচন্দ্ৰ বেজবৰুৱা আছিল ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ পুত্ৰ আৰু লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ভ্ৰাতৃ। এখেতৰেই ভ্ৰাতৃ গোবিন্দচন্দ্ৰ বেজবৰুৱাই তিনিখন ঠাইত তিনিখন বেজবৰুৱা স্কুল প্ৰতিষ্ঠা কৰিছিল।


আনন্দচন্দ্ৰ বেজবৰুৱা

আনন্দ চন্দ্ৰ বেজবৰুৱাৰ আছিল লক্ষ্মীনাথ বেজবৰুৱাৰ ভতিজাক আৰু বিনন্দচন্দ্ৰ বেজবৰুৱাৰ পুতেক। তেখেত আছিল প্ৰবীণ অধিবক্তা, অসম বিধান সভাৰ প্ৰাক্তন সদস্য, মুক্তি যুজাৰু আৰু শিৱসাগৰ পৌৰসভাৰ প্ৰাক্তন সভাপতি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্টৰ সদস্য, ডাকতাঁৰ বিভাগৰ অসমৰ শাখাৰ উপদেষ্টা সমিতিৰ সদস্য। শিৱসাগৰ উকীল সন্থাৰ প্ৰাক্তন সভাপতি, শিৱসাগৰ লোকেল বৰ্ডৰ সভাপতি।


প্ৰফুল্লচন্দ্ৰ বেজবৰুৱা

প্ৰফুল্লচন্দ্ৰ বেজবৰুৱা আছিল আনন্দচন্দ্ৰ বেজবৰুৱাৰ জ্যেষ্ঠ পুত্ৰ আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ ককায়েক বিনন্দচন্দ্ৰ বেজবৰুৱাৰ পুত্ৰ। দীননাথ বেজবৰুৱাৰ আজু নাতি। এখেত পেছাত অধিবক্তা আছিল। কিন্ত তেখেতে নিজৰ পেছাতকৈ অসমীয়া সাহিত্যৰ সংগ্ৰহ আৰু সংৰক্ষণ কৰাতহে বেছি গুৰুত্ব দিছিল আৰু এনে কামত বেছিকৈ সময় পাৰ কৰিছিল। নিজেও এখেতে বহুকেইখন গ্ৰন্থ ৰচনা কৰিছিল। সাহিত্যৰথী বেজবৰুৱাৰ প্ৰায় সকলোবিলাক ৰচনাই এখেতৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰিছিল। আৰু সাহিত্যৰথীৰ সময়ৰ আন আন লেখকৰ ৰচনাও এখেতৰ গ্ৰন্থ সংগ্ৰহালয়ত সংৰক্ষণ কৰিছিল। আজি এইজন মহান ব্যক্তিৰ প্ৰচেষ্টাতে অসমীয়া সাহিত্যৰ প্ৰায়বিলাক ৰচনা এই গ্ৰন্থাগাৰত পোৱা যায়।


তিনি ভাই ককাই

কাষৰ চিত্ৰত তিনি ভাই-ককাই ক্ৰমে হৰিনাথ - শ্ৰীনাথ - লক্ষ্মীনাথ।


প্ৰফুল্লচন্দ্ৰ বেজবৰুৱাৰ পত্নী

শ্ৰীমতী অৰুন্ধতী বেজবৰুৱা


প্ৰফুল্ল চন্দ্ৰ বেজবৰুৱাৰ পুত্ৰ

শ্ৰীসত্যকাম বেজবৰুৱা